গাঁৱৰ চুকত লুকাই থকা প্ৰকৃত প্ৰতিভাক বিশ্বৰ দৰবাৰলৈ আগবঢ়াই নিয়াৰ এক নিৰ্ভৰযোগ্য মঞ্চ - TAROKA.
Participate Now
Join an active competition and showcase your talent.
আমাৰ বিষয়ে
"Taroka - the real star" কেৱল এটি প্ৰতিযোগিতা নহয়, ই হৈছে এক সপোন উৰুৱাব পৰা মঞ্চ। আমাৰ মূল লক্ষ্য হৈছে গাঁৱে-ভূঞে, চুকে-কোণে লুকাই থকা সেই অসাধাৰণ প্ৰতিভাবোৰক বিচাৰি উলিওৱা, যিসকলৰ আগবাঢ়ি যাবলৈ প্ৰবল ইচ্ছা আছে কিন্তু সঠিক সুবিধা আৰু পথ প্ৰদৰ্শকৰ অভাৱ। 'তাৰকা'ই সেইসকল প্ৰতিভাক কেৱল এখন মঞ্চই নিদিয়ে, লগতে তেওঁলোকক Media Visibility, সঠিক Exposure আৰু নিজৰ দক্ষতা প্ৰদৰ্শনৰ এক বিশাল সুযোগ প্ৰদান কৰিব।
আমাৰ ভৱিষ্যতৰ পৰিকল্পনা
আমাৰ যাত্ৰা কেৱল এখন প্ৰতিযোগিতাতে সীমাবদ্ধ নহয়। আগন্তুক দিনবোৰত 'তাৰকা'ৰ জৰিয়তে আমি হাতত লৈছোঁ কেইবাখনো মেগা প্ৰজেক্ট:
নৃত্য, গীত, অভিনয় আৰু চিত্ৰকলাৰ দৰে বিভিন্ন ক্ষেত্ৰত মেগা প্ৰতিযোগিতা।
প্ৰতিভাশালী ব্যক্তিসকলক পেছাদাৰী প্ৰশিক্ষণ দিয়াৰ বাবে বিশেষ কৰ্মশালা।
অসমৰ সৰ্বশ্ৰেষ্ঠ প্ৰতিভাক লৈ ৰিয়েলিটি শ্ব'ৰ আয়োজন।
উপযুক্ত প্ৰতিভাক ডাঙৰ প্ৰজেক্ট আৰু মিডিয়াৰ জৰিয়তে পোনপটীয়া সুযোগ প্ৰদান।
আপুনি কিয় 'তাৰকা'ৰ অংশ হ'ব?
গাঁৱৰ পৰা গ্লেমাৰ জগতলৈ পোনপটীয়া সুযোগ।
ছচিয়েল মিডিয়া আৰু নিউজ প্লেটফৰ্মত প্ৰচাৰ।
অভিজ্ঞ বিচাৰক আৰু প্ৰশিক্ষকৰ দ্বাৰা সঠিক মাৰ্গদৰ্শন।
আমাৰ সহযোগী
We are proud to collaborate with these amazing organizations who share our vision.